Monday, 21 August 2017

প্ৰেম ডায়েৰিৰ কিছু কথাৰে

দাপোণ দেখিলো আজি । বাৰে বাৰে প্ৰতাৰণাৰ জালত সুমুৱাম কিয়? প্ৰথম,দ্বিতীয়, তৃতীয়...আৰুবা কিমান ভৰসা হেৰাব ? দুখ পাইছা ? পোৱা । ময়ো পাইছো । দুখ পালো বুলিয়েই মই শুদ্ধ আৰু তুমি ভূল, এনেটো নহয় ৷ কিয়বোৰৰ উত্তৰ নিবিচাৰিবা কোনোদিন, উত্তৰ দিবলৈ গ'লেই মই আগৰজন হৈ পৰিম ৷ সহ্য কৰিব নোৱাৰিবা,পাগল হ'বও নোৱাৰিবা আগৰদৰেই ৷ হৃদয়ৰ কষ্টবোৰ অভ্যাস হ'লে যন্ত্ৰনাৰ তীব্ৰতা কমিব… কমিবনে ? কমিব হয়তো ৷ দ্বিধাবোধৰ কোনো সমিধান নাই মোৰ ওচৰত ৷ অনুৰোধ, কাতৰ নহ'বা কেতিয়াও ৷ স্থায়ীত্ব অবিহনেই মই থাকি যাম ৷ অলপীয়া অনুৰাগো সঁচা হ'ব পাৰে, যিদৰে সঁচা শক্তিৰ ৰক্ষণশীলতাৰ সূত্ৰ । সেই সত্যক মই অস্বীকাৰ কৰিব নোৱাৰো কোনোদিন ৷ কোনোবা অজীৰ্ণ মূহুৰ্তত মই বৰফৰ দৰেই গোট মাৰিম ৷ তাতকৈ "তুমিও" দুখী হৈয়ে থাকা, প্ৰৱঞ্চিত নহ'বা ।

No comments:

Post a Comment