Thursday, 30 June 2016

প্ৰিয়তমালৈ

মৰমৰ
প্ৰিয়তমা
আজি অলপ সোনকালে শুইছিলো।চিলি
মিলিকৈ টোপনি আহিছিল।এনেতে
কেতেকী চৰাই এজনিৰ কৰুণ আর্তনাদত
সাৰ পাই উঠিলো।চকুলৈ আৰু টোপনি
নাহিল।বিছনাৰ পৰা উঠি
আহিলো,তোমালৈকে দুএষাৰ
লিখো বুলি। তোমালৈ লিখা
অভ্যাসটো
মোৰ গধুৰ মন পাতল কৰাৰ অভিনৱ ঔষধ।মনৰ
পুঞ্জীভূত অনুভূতি বোৰ প্রকাশ কৰি
পাতল পাতল লাগে।সেয়েহে
তোমালৈ দু-এষাৰ
লিখিবলৈ বহিছো। প্ৰিয়তমা এই
গভীৰ নিশা অনেক স্মৃতি মনলৈ
আহিছে।বাহিৰত ছাগৈ শেতা
জোনটোক হিমচেঁচা কুঁৱলীয়ে ঢাকি
ধৰিছে।মোৰ চকুৰ পতাত এতিয়াও
টোপনিৰ পৰশ নাই।মাথোন মনলৈ
আহিছে প্রথম যৌৱনৰ সোণসনা স্মৃতি।
তেতিয়া মোৰ জীৱনত প্রথম বসন্তৰ
শিহৰণ লাগিছিল।অন্তৰত আশাই সাৰ
পাই উঠিছিল।ভাষাই
কুৰুলিয়াইছিল,মৰমবোৰ উতলি উঠিছিল।
পৃথিবীখনএকেবাৰে নতুন দেখিছিলো।
বহল পৃথিবীখন নিমজ,বাটবোৰ
পোন,জীৱনৰ গতি সহজ যেন লাগিছিল।
ল'ৰালি কালৰ কোমল অন্তৰখন উদং উদং
লাগিছিল।তাৰ পিছত উতলা হিয়াৰ
উপচি পৰামৰম বোৰ বাকি দিবলৈ
মনটো চঞ্চল হৈ উঠিছিল।এষাৰ মাত
এটা হাঁহি,এটা চাৱনি,এবুকু মৰম
বিচাৰি মনটোৱে উচপিচাইছিল।
মাজনিশা সাৰ পাই শুনা কেতেকীৰ
মাতত মই বিচাৰি পাইছিলো
হিয়াৰআহ্বান-প্রানৰ সহাৰি।মোৰ
বাবে মৰণ আছিল অলিক কল্পনা,বেদনা
আছিল সহজ কবিতা।কিন্তু সময়ৰ সোঁত বৈ
গ'ল।আজি মোৰ কোমল মনটোৱে হেজাৰ
ধুমুহা সহিব পৰা হৈ পৰিছে। বহুত কথাই
লিখিছো।আচল কথাটো এতিয়াও
কবপৰা নাই।তোমাৰ পৰা কিবা সহাৰি
পাম বুলি বাট চাই আছিলো।কিন্ত
ক'তা আজিও নাপালো ।মোৰ ভুলো হব
পাৰে।ৰহস্যঘন প্রণয়ৰ পাশত পৰা মানুহে
সকলো কথাকে নিজলৈ পোনাই
বিচাৰ কৰে;মোৰ ভূল হোৱা নাইতো?
তোমাৰ চাৱনি,ফুটোঁ ফুটোঁ কৰা ওঠৰ
পাহিৰ অব্যক্ত ভাষাই মোক মাথোন
এইটোকে বিশ্বাস কৰিবলৈ
শিকাইছিল যে তোমাৰ এখন অন্তৰ
আছে,এমুঠি আশা আছে,এবুকু ভাষা
আছে।তুমিও এখন অন্তৰ বিচাৰিছা।
কিন্তুআজিও সহাৰি নাপালো। মৰম
লবা।
আকৌ তোমালৈ বাট চাই ৰ'লো।
তোমাৰ মৰমৰ
ইলিয়াছ হাছান

হাঁহি

পৃথিৱীত এনে এজন মানুহ নোলাব যি
হাঁহিৰ ভাষা বুজি নাপায় ।হাঁহি
হৈছে মনৰ দাপোন ।টকাৰে কৰিব
নোৱাৰা কামো হাঁহিয়ে সমাধা
কৰি দিব পাৰে ।হাঁহিৰ গুৰুত্বক
প্ৰাধান্য দি নিউর্য়কৰ এজন
ডিপার্টমেন্টেল ষ্টোৰৰ মালিকে
এবাৰ নিজৰ দোকানত বিক্ৰেতা
হিচাপে কাম কৰিবলৈ এজন প্ৰার্থী
বিচাৰি বিজ্ঞাপন দিছিল যে
লাগিলে তেওঁ অশিক্ষিতেই হওঁক
,ধুনীয়াকে হাঁহিব জনা ছোৱালী
এজনীকহে দোকানত লব ,কিন্তু হাঁহিব
নজনা দর্শনৰ পণ্ডিত এজনকো তেওঁ লব
নোৱাৰে ।
হাঁহিৰ কেইটামান মূল্যবাদ দিশ হৈছে-
হাঁহি ক্ষন্তেকীয়া হলেও
মাদকতাখিনি দীর্ঘস্থায়ী ।
টকাৰে কিনিব নোৱাৰা সম্পদো
হাঁহিৰে আয়ত্ব কৰিব পাৰে ।
হাঁহিৰে প্ৰকাশ কৰি দিব পাৰে
তেওঁ কিমান সুখী ।
হাঁহি কিনিব নোৱাৰি ,আয়ত্ব কৰিব
পাৰি ।
হাঁহিৰ কিন্তু কোনো বস্তুগত মূল্য নাই ।
এজনী ধুনীয়া ছোৱালীয়ে বা এটা
ধুনীয়া ল’ৰাই হাঁহিৰে কৈ দিব পাৰে
নিজৰ ক’বলগীয়াখিনি ।
হাঁহিব পৰা মানুহবোৰ জনপ্ৰিয় হয় ।
অভিনন্দন জনাবলৈ মুখৰ হাঁহিটোতকৈ
উত্তম উপহাৰ নাই ।

Wednesday, 29 June 2016

নিলিখো আৰু প্ৰেমৰ কবিতা

আৰু প্ৰেমৰ কবিতা নিলিখো
কিয়নো প্ৰেমৰ কবিতা
লিখিবলৈ
মোৰ কলমত অভাৱ
ৰঙা গোলাপৰ চিঞাহী।।
তোমাকো আৰু আমনি নকৰো,
মোৰ কবিতাৰ মাজেৰে নাহিব
তোমাৰ অভিমানি চৰাইজাক
মোৰ ভাৱনাৰ পথাৰলৈ।।
হয়তো দেখা নাপাম
মোৰ সুখৰ সাগৰত
তোমাৰ আনন্দৰ ঢৌ।।
থাকিব মাঁথো
যন্ত্ৰ্নাৰে পৰিপূৰ্ণ কিছু
অবুজ আধৰুৱা ভাষা।।
তুমি দি যোৱা বেদনাৰ সুৰত
সুৰ মিলাই গাই যাম মই বিষাদৰ
গান,
আৰু বিষাদৰ চিঞাহীৰেই
মাজে মাজে লিখি যাম
বিদ্ৰোহৰ কবিতা।।
তথাপি, প্ৰেমৰ কবিতা আৰু
নিলিখো..

Saturday, 25 June 2016

মৰম ভালপোৱাৰ পৰিভাষা ......


কিমান যে cute cute কথা হয় gf bf ৰ মাজত
.........!!!!
!
দীঘলীয়া দূৰত্বত থকাৰ পিছতো এজনে
আনজনক কিমান যে মৰম কৰে ।
সৰু সৰু কথাত কাজিয়া লাগি
একেবাৰে break up লৈ গুচি যোৱা কথা
। মনে মনে ভাবে ........ আৰু কোনো
দিনেই কথা নাপাতো । কিন্তু
পিছদিনাই আকৌ sorry কয় ।
!
" good morning ..good night ..hello shona..jaan
ইত্যাদি ...."
!
কান্দি থকা symbol ( ) পঠোৱা । এজনে
আনজনক মনোৱা । তাৰপিছত i love u বুলি
কৈ slove কৰোৱা ।
!
এজনে আনজনক মনত পেলাই যেতিয়া বহুত
বেছি মৰম আহি যায় তেতিয়া এজনে
আনজনক song dedicate কৰা ...........Like .." Tum
hi ho......
!
এজনে আনজনক photo tagg কৰা আৰু যদি
তেওঁৰ gf ৰ ফটোত কোনোবাই dr বুলি
মন্তব্য কৰে অলপ হলেওঁ জ্বলন আৰু খং কৰা

!
তাৰপিছত লাহে লাহে সৰু সৰু
মাতেৰে কয় ..... মোৰ এইবোৰ ভাল
নালাগে । বেলেগে তোমাক dr
কোৱাটো মই সহিব নোৱাৰো । i love u.
!
সচাকৈয়ে কিমান যে মিঠা মিঠা
শিহৰণ এই সম্পৰ্কত ।
কিন্তু যেতিয়া এনেকুৱা সম্পৰ্ক এটা
ভাঙি যায় তেতিয়া ............
!
আগৰ sms বোৰ পঢ়ি চোৱা , তেওঁ বা
তাইৰ সুখৰ বাবে ভগৱানক প্ৰাৰ্থনা কৰা
আৰু সেমেকা হাঁহিৰে সৈতে
চকুপানী বোৱাই দিয়া ।
!
প্ৰত্যেকটো দুখৰ গানতে নিজক
বিচাৰি পোৱা .....
!
শেষত একোকে ভাল নলগা আৰু এটা
ক্ষীণ আশা বুকুত বান্ধি লৈ থকা
............. যেন সকলো আগৰ দৰেই হওঁক ।
!
plz
care of love ...."

Sunday, 19 June 2016

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস

✍ইলিয়াছ হাছান✍

আজি কলাগুৰুজনাৰ মৃত্যু তিথি। সমগ্ৰ
অসম জুৰি তেখেতৰ শিল্পী সত্তাৰ
প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ২০জুন দিনটো
"বিষ্ণু ৰাভা দিৱস" ৰূপে পালিত হৈ
আহিছে। তেখেতৰ সৃষ্টি অনুপম গীত
সমূহক এক অন্য এক ধাৰাৰ গীত ৰূপে
"ৰাভা সংগীত" ৰূপেও সময়ে স্বীকৃতি
প্ৰদান কৰিছে। তেখেতৰ শিল্পী
সত্তাৰ বিষয়ে অসমীয়াই যিমান
জানে, তাতোকৈ বেছি বহল আৰু
বহুমুখী ব্যক্তিত্বৰ ব্যক্তি আছিল বিষ্ণু
ৰাভা।
বহুধা-ব্যক্তিত্বৰ অধিকাৰী কলাগুৰু
বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ অৱদান
অসমীয়া গীতৰ জগতলৈও আছিল
অপৰিসীম। ৰাভাদেৱৰ প্ৰতিটো
গীতেই যেন একো একোটি উজ্জ্বল
মুকুতামণি। এইগৰাকী শিল্পীয়ে ৰচা
গীতৰ মাজেৰে স্বদেশপ্ৰেম,
প্ৰকৃতিপ্ৰেম, মানৱপ্ৰেম, শোষণৰ
বিৰুদ্ধে বিদ্ৰোহ, ৰোমান্টিক
চেতনা, আশাবাদ আৰু প্ৰগতিৰ ছবি
জিলিকি উঠা দেখা যায়।
তেখেতে নৱপ্ৰজন্মক আহ্বান
জনাইছিল এইবুলি যে এটা
সংস্কৃতিৱান মনৰ অধিকাৰী হ’লেহে
মুক্তিৰ যাত্ৰা জয়যাত্ৰা হ’ব।
তেখেতৰ ভাষাত –
“স্বাগত নৱাগত অতিথি
হিয়াত ফুলাম আসন থৈছো পাতি
পুষ্পিত মন্দিৰ কানন বীথি”।
ইহকাল পৰকালক বিশ্বাস কৰি প্ৰথমা
পত্নীৰ মৃত্যুৰ শোকত গভীৰ ৰোমান্টিক
ভাৱধাৰাৰে ৰাভা দেৱে এটি অতি
সুন্দৰ গীত ৰচনা কৰিছিল –
“পৰজনমৰ শুভ লগনত
যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ
মোৰ হিয়াৰ অপূৰ্ণ আশা..”
সঁচাই ৰাভাদেৱৰ গীতবোৰ চিৰসেউজ,
যুগমীয়া, অসমৰ অসমীয়া সমাজৰ
অসমীয়া গীতৰ সম্পদ।
গোটেই জীৱন গীত গাই, নাট কৰি,
নাচি-বাগি এদিন এইগৰাকী মহান
শিল্পী ৰাভাদেৱ নিজেই গুচি গ’ল
প্ৰলয় নাচোনেৰে। ১৯৬৯ চনৰ ২০ জুনৰ
দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ
জীৱন নাটৰ যৱনিকা পৰিল।।
বিষ্ণু প্ৰসাদ ৰাভা চিৰদিনেই অসমৰ
ইতিহাসৰ এটি উজ্জ্বল জ্যোতিষ্ক হৈ
উজলি থাকিব।

Tuesday, 14 June 2016

বিষাদ

সোৱৰণীৰ একাঁজলি মধুৰ বিষাদ বুকুত লৈ
আজি আন্ধাৰত স্পৰ্শ কৰি চাওঁ মোৰ এৰি
অহা মৰম-ভালপোৱা । তুমি জনাই পাহী
তোমাৰ বুকুত আশাৰ বীজ সিঁচি ,এদিন
ময়ে দিছিলোঁ সপোনৰ অলেখ কঠিয়া।
স্বপ্নময় পৃথিৱীৰ মই এজন হৃদয়হীন
প্ৰেমিকা । নিসংগতাৰ মালা গাঠি
আজি মই হৈ পৰিছো দেবদাস । নিজক
বুজাবলৈ বহুত কষ্ট হয় জানা । উজাগৰী
নিশাৰ প্ৰতিটো পলে নিস্তব্ধতাৰ
কেনভাচত মোক কাণে কাণে কৈ যায়
মৃত্যু যে মোৰ সমাগত । সপোন ৰচিবলৈ
আজি মোৰ সতে আছে মাথো কেৱল
চকুপানী । পাহী, তোমাক লৈ মই বহুত
আশা কৰিছিলো অ । কিয়....কিয় তুমি
মোক প্ৰতাৰণাৰ নাওঁত এৰি জোনাকৰ
বুকুত হেৰাবাই দিলা মোৰ আশা কল্পনা
। নীলা চিঞাঁহীৰে লিখা প্ৰতিখন
চিঠিয়েই মোক দি গল মৃত্যুৰ বতৰা । মৃত্যু
পথৰ সহযাত্ৰী হৈ মই আজি এজন দিশভ্ৰষ্ট
পথিক । তুমি মোক এৰি যোৱাৰ পৰাই
মোৰ মনৰ অব্যাপ্ত হেপাঁহবোৰেইচোন
নাইকিয়া হৈ গল । ভাবিছিলো
তোমাক লৈ এখন সুখৰ ঘৰ পাতিম,
তাজমহলৰ কম্পিত সৌধ নিৰ্মাণ কৰিম
কিন্তু মই কৰা সপোনবোৰ আশাবোৰ
তেনেই নিস্ফল হৈ ৰল । মোক দিশহাৰা
কৰিলা ? তুমিহীনতাৰ যন্ত্ৰণাবোৰেই
মোৰ এতিয়া শেষ জীৱনৰ ভৰষা । ৰৈ
থাকিম মোৰ সমাধিত এটা ছাঁ হৈ । দুৰৰ
পৰাই চাই থাকিম মাথো তোমাক ....!

প্ৰেম

প্ৰেম হৃদয়ৰ এক মিঠা
অনুভূতি। প্ৰেম এক উপলব্ধি।
প্ৰেমক উপলব্ধি কৰা
যিমান সহজ, ব্যাখ্যা কৰা
সিমান টান। প্ৰকৃতিৰ ৰূপৰ
লগত ইয়াক তুলনা কৰিব
পাৰি। প্ৰকৃতিয়ে যিদৰে
ৰ'দ, বৰষুণ, বতাহ আদি দিয়ে
ঠিক সেইদৰে
প্ৰেমাৱস্থাত প্ৰেমিক-
প্ৰেমিকাৰ মাজলৈ আহে
হাঁহি, কান্দোন, আনন্দ আৰু
বিষাদ। এই প্ৰেমৰ
মাজেৰে সকলো যুৱক-
যুৱতীয়ে সাজে কল্পনাৰ
বালিঘৰ।
আজিলৈকে কোনো কবি-
সাহিত্যিক, দাৰ্শনিক বা
চিন্তাবিদে প্ৰেমৰ এটি
সাৰ্বজনীন সংজ্ঞা দিব
পৰা নাই। সেয়ে কোৱা হয়
— 'প্ৰেমৰ বিষয়ে নুসুধিলে
বহুতো কিবা কিবি ক'ব
পাৰি, কিন্তু সুধিলে একো
ক'ব নোৱাৰি।'
প্ৰেমৰ মহানতা অনুভৱ
কৰিলে বুজিব পাৰি যে
শাৰীৰিক সংযোগতকৈ
মানসিক সংযোগে প্ৰেমক
অধিক স্থায়ী কৰি ৰাখে।
কিয়নো মানসিক
সংযোগৰ প্ৰেম
কেতিয়াও হেৰাই
নাযায়। প্ৰেমৰ এই মহানতা
অনুভৱ কৰি বিভিন্ন কবি-
সাহিত্যিকে প্ৰেম
সম্পৰ্কে বিভিন্ন ধৰণে
মন্তব্য আগবঢ়ায়।
দেৱকান্ত সন্দিকৈৰ মন্তব্য
— 'মই জানো প্ৰেম
জ্ঞানৰো ঊৰ্দ্ধত। প্ৰেম আৰু
জ্ঞানৰ যিকোনো
এটাকহে বাছি ল'বলগা
হ'লে মই প্ৰেমকেই প্ৰথম
বাছি লম'। তেওঁ আৰু কয় —
'জীৱন প্ৰেম আৰু কামনাৰ
ককটেইল। য'তেই প্ৰেম
ত'তেই মোক পাবা।
বোমা-বাৰুদৰ গোন্ধৰ
মাজতো কেৱল ময়েই
প্ৰেমৰ সাধনা কৰিব
খোজো। মই মুহুৰ্মহু প্ৰেমৰ
অনুভূতিত ডুবগৈ থাকিব
খোজো। মই বাৰে বাৰে
প্ৰেমত পৰিব খোজো।'

Tuesday, 7 June 2016

প্ৰেমত ব্যৰ্থ হোৱা সকললৈ

5✍ইলিয়াছ✍

পৃথিৱীৰ প্ৰতিজন ব্যৰ্থ প্ৰেমিকৰ সপক্ষে, মই লৈ আহিছো এহেজাৰ এটা যুক্তি  । । কিয় কৰিম ভয়, কালৈ কৰিম ভয়, ভাল লাগিলে ভাল পাও বুলি কমেই । বৰ বেছি কিনো হব, লাথ খাম আৰে ভাই লাথেই যদি পোৱা নাই খাই লাইফত কিনো পালা খাই । এক ৰোল, চাওমিন, চিকেন-ফ্ৰাই-ড্ৰাইচ । ধুৰ মোৰনো কি মাজে মাজে লাথ খোৱা হবি, চলাৰ গুদাম খুলি চাই যাবা বুকুত মোৰ আছে কিমান চাপ্পলৰ দাগ ।  বহুতে ভাৱে আমি ফাল্টু (FULTU) ল'ৰা, আজি এজনীৰ বাবে পাগল কাইলৈ অন্য এজনী । হায় ৰে হায়  প্ৰথম জনীক পালে জানো দ্বিতীয় জনীক চাওঁ আৰু গোলাপ ফুল ভাল লাগে বাবে আমি কি তগৰফুলৰ পিনে চাবও নাপায় , আৰু নাহৰ ফুল ভাল পালো বাবেই আমি কি খৰিকাজাইৰ সুগন্ধক দুৰ্গন্ধ বুলি কম । যিসকল সংকীৰ্ণ মনৰ মানুহ তেওঁলোকৰহে থাকে এনে ফিল'চফী(PHILOSOPHY). আমিতো বহল মনৰ মানুহ ভাল লাগে যাকে তাকে যতে ততে কলেজত, চিটিবাছত অথবা বিয়াসভাহঁত । আমাৰ চকুততো সকলোৱে পৰে ৰাণী মুখাৰ্জীৰ দৰে কাৰ ভঙা মাত, প্ৰিতিজিন্দাৰ দৰে হাঁহিলে কাৰ গালত ডিম্পল পৰে  ।  হেয়াৰ স্টাইল( HAIR  STYLE ), কফি খোৱাৰ ভংগিমা ইত্যাদি ইত্যাদি । । ।       ঈশ্বৰ নাজানো তোমাক কত আছা প্ৰভু, আমিয়ে কাৰো কেলকুলেচন (CALCULATION ) ত নাহো ।  দুখ নকৰিবা বন্ধু যিবোৰ ছোৱালীয়ে আমাক ভাল নাপালে তাৰ বাবে আমাক আফচচ কৰিবলগীয়া কিনো আছে । এক ৰাতি ম'দ খাম আড্ডা দিম চিগাৰেটৰ ধোঁৱাৰ দৰে উৰি যাব দুখ । । সময় আহিব এদিন আফচচ কৰিব লাগিব তেওঁলোকে আমাৰ দৰে যে প্ৰেমিক পাইও হেৰুৱালে ।  ।  । (এই ছোৱালী আকৌ এবাৰ ভাবি চাবা নেকি ??? )

Sunday, 5 June 2016

অনুভৱৰ কিছু কথা

মই … মই কোন জানিব বিচাৰা ৷ শুনা তেন্তে ৷ মই তোমাৰ ভাল লগা কবিতাটো ,ভাললগা গানটো বুলি ভাবিব পাৰা ৷ মইও তাৰ মাজত থাকিব বিচাৰো ৷ তোমাৰ মনত অহৰহ বাজি থাকিব বিচৰো, সুৰ হৈ ৷ বতাহজাক, কোমল ৰ'দ জাক যদিহে ভালপোৱা তাতো মই আছো বুলিব পাৰা ৷ তুমি যদি শুধ বগলী জাক ভালপোৱা মইও তাৰ মাজত উৰি ফুৰো ৷ যদি আকাশ ভালপোৱা ডাৱৰ হৈ তোমাৰ খিল খিল হাহি চাই ৰও ৷ বৰষুণ হৈ তোমাৰ বকুত থমকি ৰব বিচাৰো ৷ মাঠো তোমাৰ হবই বিচাৰো ৷ বিশ্বাস কৰা ৷তোমাৰেই অনুভুতি মই ৷ অনুভৱ মই ৷তোমাতেই জীয়াব বিচাৰো ৷ যিকোনো মুল্যৰ বিনিময়ত তোমাৰ দুখবোৰ ক্ৰয় কৰিবলৈ সাজু হও তাৰ বিনিময়ত ওঠত কহুৱা কোমল হাহিটি বিচাৰো । আগৰ দৰেই আজিও তোমাৰ মুখত সেই চঞ্চল হাঁহি...অলপো সলনি হোৱা নাই তুমি.... সলনি হৈছো মই সলনি হৈছে মোৰ জীৱন.... মনত দূৰ্বাৰ হেপাঁহ আছিল তোমাক এবাৰ মাতিবলৈ.... কিয় জানো স্তব্ধ হৈ ৰলো .... কিবা নিজকে দুখী যেন লাগিল.... ভালপোৱাৰ মিঠা প্ৰতিশ্ৰুতি দি আতৰি আহিলোঁ তোমাক ভালপোৱাৰ বাটত অকলশৰীয়া কৰি সেইবাবেই চাগৈ... এতিয়া অনুভৱ কৰো তুমিবিহীন প্ৰতিটো নিশা সচাকৈয়ে বেদনাৰে ভৰপূৰ.... সুখী হৈছা চাগৈ তুমি মইবিহীন জীৱনত... এৰা সুখী হোৱা তুমি তাৰেই কামনা কৰো.... আজি মইও সুখী হৈছো তোমাৰ সুখত... চোৱা কিমান সুখী তুমিবিহীন উজাগৰী নিশা বোৰত...!!!

Friday, 3 June 2016

সপোন

❤✍ইলিয়াছ হাছান✍❤

হাস্নাহানাৰ গোন্ধত ভোল যোৱা নিশাৰ কথা।

গধুৰ বতাহ এজাক বলিছিল,

তোমাৰ মাত কপি কপি আহিছিল,

কোনোবা দূৰ দিগন্তৰ পৰা।

আৰু চকুলো নিগৰিছিল মোৰ কোঠাত,

পাৰাপাৰহীন সমুদ্ৰৰ দৰে।

মই দেখোন কথা কৈ আছিলো

যদিওবা দুখ নিগৰিছিল বতাহত!

সুখি হৈছিল ছাগে নিজৰাবোৰ নউচাহত,

উচুপনিত বুৰি থকাৰ সপোন দেখি ।

প্ৰেম মানে নহয় জানা বলিয়া বান,

সপোনৰ উচাহত উৰাৰ সপোন।

আশাৰ দলিচাত দিঠকৰ অংকন

নতুবা গোলাপৰ সুৰভিত প্ৰানৰ সংৰোপন।

সকলো জানিও, সুখত থাকিও

কিহৰ তাৰনাত সপোন দেখিছিলা তুমি?

নে সেয়া আছিল কোনোবা অশীৰীৰ উন্মাদ আস্ফালন?

কিহে বাহ সাজিছিল সেই কুম্ভীৰ পৰ্বতত?

নিজান বননিৰ সেই গহীন বনত?

এই হৃদয় খনে এতিয়াও ৰৈ আছে

সপোনৰ দুৱৰি গচকি নিয়ৰ কঢ়িয়াবলৈ।

এধানি কোমলতাক বুকুতে আদৰি

জিপাল কৰি তুলিবলৈ।

সাচি থোৱা সপোন খিনি,

ফুলিব ধৰা আবেগখিনি,

জীয়াই তোলাহী আহা

প্ৰেমৰ সুবাসত ওপঙি উটি।